প্ৰাপ্যতাৰ পৰা ফলাফললৈ: VBGRAM-G ৰ সৈতে MGNREGA ৰ প্ৰতিস্থাপন

প্ৰাপ্যতাৰ পৰা ফলাফললৈ: 
VBGRAM-G ৰ সৈতে MGNREGA ৰ প্ৰতিস্থাপন

নীতিনিৰ্ধাৰণৰ মূল্যায়ন ফলাফলৰ আধাৰত হ’ব লাগিব, অনুভূতি, স্মৃতিচাৰণ বা ৰাজনৈতিক প্ৰতীকৰ আধাৰত নহয়।
MGNREGA-ৰ ঠাইত বিকশিত ভাৰত গেৰান্টী ফৰ ৰোজগাৰ আৰু আজীৱিকা মিছন গ্ৰামীণ আইন, ২০২৫ (VB GRAM G) প্ৰৱৰ্তনৰ পিছত দেখা দিয়া প্ৰতিবাদসমূহ প্ৰায় অনিবার্যই আছিল। এই নতুন আইনখনে অধিকাৰভিত্তিক কাঠামো দুর্বল কৰে, ৰাজ্যসমূহৰ ওপৰত আৰ্থিক বোজা বঢ়ায়, কেন্দ্ৰীকৰণ বৃদ্ধি কৰে আৰু মহাত্মা গান্ধীৰ ঐতিহ্য মচি পেলায় বুলি সমালোচকসকলে মত আগবঢ়ায়। কিন্তু এই আপত্তিসমূহে আঁচনিখনৰ গভীৰ নীতিগত বিশ্লেষণতকৈ ৰাজনৈতিক অৱস্থানকহে অধিক গুৰুত্ব আৰোপ কৰে।
আইনী অধিকাৰ থাকিলেই সেয়া স্বয়ংক্ৰিয়ভাৱে সশক্তিকৰণলৈ ৰূপান্তৰিত হয় বুলি ধৰি লোৱা ভ্ৰান্ত ধাৰণাৰ ওপৰত‌ VB GRAM G-এ অধিকাৰভিত্তিক ব্যৱস্থাটো ধ্বংস কৰিছে বুলি কৰা মূল অভিযোগটো গঢ় লৈ উঠিছে। MGNREGA-ৰ দুটা দশকৰ অভিজ্ঞতাই এই বিশ্বাসৰ সীমাবদ্ধতা উন্মোচিত কৰিছে। দৰমহা পৰিশোধৰ দীৰ্ঘ বিলম্ব, চাহিদা অনুসাৰে কাম নোপোৱা, নিম্নমানৰ সম্পদ সৃষ্টি আৰু অসমান বাস্তৱায়নে ক্ৰমে এই অধিকাৰটোক ব্যৱহাৰত নিষ্প্ৰভ কৰি তুলিছিল। যি অধিকাৰ সময়মতে, পৰিসৰৰ সৈতে আৰু নিয়মিতভাৱে প্ৰদান কৰিব নোৱাৰি, সেয়া বাস্তৱত অধিকাৰ হৈ নাথাকে। VB GRAM G-এ ৰাজ্যৰ কৰ্তব্য আঁতৰোৱা নাই; বৰঞ্চ সেই কৰ্তব্যক অধিক কাঠামোবদ্ধ কৰি তুলিছে । সময়সীমা বাধ্যতামূলক কৰি, ফলাফলৰ সৈতে অৰ্থসাহায্য সংযোগ কৰি আৰু দায়িত্ববোধ প্ৰাতিষ্ঠানিক ৰূপ দি। এইটো অধিকাৰ হ্ৰাস নহয়, এইটো প্ৰণালীগত সংশোধন।
ইয়াতকৈ অধিক মৌলিকভাৱে চালে, এই আইনখন ভাৰতৰ উন্নয়ন চিন্তাধাৰাৰ এক প্ৰয়োজনীয় পৰিৱর্তনৰ ইংগিত বহন কৰে। MGNREGA উদ্ভৱ হৈছিল গভীৰ গ্ৰামীণ সংকটৰ সময়ত এক প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে। কিন্তু দুখ-কষ্টভিত্তিক কামক দীৰ্ঘদিন ধৰি গ্ৰামীণ অৰ্থনীতিৰ স্থায়ী অংগ হিচাপে মানি লোৱাটোৱে স্থবিৰতাক স্বাভাৱিক কৰি তোলে। VB GRAM G-এ স্বল্পমেয়াদী ৰোজগাৰৰ সৈতে জীৱিকা সৃষ্টি, দক্ষতা বিকাশ আৰু উৎপাদনক্ষম সম্পদ গঠনৰ সংযোগ স্থাপন কৰে। কেৱল কামৰ দিন গণনাৰ পৰা আগবাঢ়ি বহনক্ষম আজীৱিকালৈ মনোযোগ স্থানান্তৰ কৰাটো এটা মৌলিক সত্য স্বীকাৰ কৰা মানৱ মৰ্যাদা কেৱল ৰোজগাৰ পোৱাতেই নহয়, বৰঞ্চ আয়ৰ স্থিৰতা, উৎপাদনক্ষমতা আৰু আগবঢ়াৰ সুযোগত নিহিত।
ৰাজ্যসমূহৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পায় বুলি কৰা অভিযোগো গভীৰ পৰ্যালোচনাত টিকি নাথাকে। আগৰ ব্যৱস্থাত কেন্দ্ৰীয় অনুদানৰ বিলম্ব, অযোজিত দায়িত্ব আৰু ব্যয় বণ্টনক লৈ হোৱা বিবাদে ৰাজ্যসমূহক সদায় অনিশ্চয়তাত ৰাখিছিল। VB GRAM G-এ স্পষ্ট আৰ্থিক ভূমিকা, মধ্যমেয়াদী পৰিকল্পনা আৰু ফলাফলভিত্তিক অৰ্থসাহায্য প্ৰৱৰ্তন কৰিছে। এই আৰ্থিক নিশ্চিততাই প্ৰকৃত অৰ্থত ফেডাৰেলিজমক শক্তিশালী কৰে। ৰাজ্যসমূহে এতিয়া সংকট সামলোৱাৰ সলনি পৰিকল্পনা কৰিব পাৰে। এয়াই প্ৰশাসনিক স্বায়ত্তশাসন বৃদ্ধি কৰে।
একেদৰে, অত্যাধিক কেন্দ্ৰীকৰণৰ অভিযোগো বিভ্ৰান্তিকৰ। ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ আৰু স্থানীয় পৰ্যায়ত হস্তক্ষেপৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাৰ ফলতেই এই অভিযোগ উঠে। ইমান বৃহৎ আঁচনিৰ ক্ষেত্ৰত স্বচ্ছতা, যোগ্যতা আৰু নিৰীক্ষণৰ বাবে একে ধৰণৰ মানদণ্ড অপৰিহাৰ্য।এতিয়াও স্থানীয় প্ৰতিষ্ঠানসমূহে কাম চিনাক্ত কৰে, প্ৰকল্প ৰূপায়ণ কৰে আৰু পৰ্যবেক্ষণ কৰে। যি পৰিৱর্তন হৈছে, সেয়া হ’ল কাৰ্যক্ষমতা আৰু দায়িত্ববোধৰ ওপৰত জোৰ। অতীতত নিয়ন্ত্ৰণহীন বিকেন্দ্ৰীকৰণে অধিক লাভ দিছিল মধ্যস্থতাকাৰীসকলক; শ্ৰমিকক নহয়। VB GRAM G-এ সেই গাঠনিক ত্ৰুটি সংশোধনৰ প্ৰয়াস কৰিছে।
সৰ্বাধিক আৱেগিক সমালোচনা হৈছে আইনখনৰ নামৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱা বিষয়টো। এই যুক্তি বিষয়বস্তুৰ পৰা মূল তত্ত্বকেই এৰি দিয়াৰ দৰে; গান্ধীৰ অৰ্থনৈতিক দৰ্শনে উৎপাদনশীল শ্ৰম, আত্মনির্ভৰতা, বিকেন্দ্ৰীকৃত বিকাশ আৰু নৈতিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰণালীগত অদক্ষতাক সহ্য কৰি কেৱল নামটো ৰখাটোৱে তেওঁৰ ঐতিহ্যক সন্মান নকৰে। সম্পদ সৃষ্টি, স্থানীয় উদ্যোগ আৰু আজীৱিকা শক্তিশালীকৰণক কেন্দ্ৰ কৰি গঢ়া ব্যৱস্থা গান্ধীয়ান আদৰ্শৰ সৈতে অধিক সামঞ্জস্যপূর্ণ।
সংস্কাৰে সদায়েই প্ৰতিবাদ জন্ম দিয়ে, বিশেষকৈ যেতিয়া ই দীঘলীয়া সময় ধৰি গঢ় লৈ উঠা ৰাজনৈতিক আখ্যানক ভাঙে। কিন্তু সমাজনীতি সময়ৰ সৈতে স্থবিৰ হৈ থাকিব নোৱাৰে। ভাৰতৰ জনসংখ্যাগত চাপ, আৰ্থিক সীমাবদ্ধতা আৰু উন্নয়নৰ উচ্চাকাংক্ষাই এনে নীতিগত সঁজুলি বিচাৰে যিয়ে মাপযোগ্য ফল দিয়ে। VB GRAM G-হৈছে গ্ৰামীণ ৰোজগাৰ নীতিক ইনপুটভিত্তিক অধিকাৰৰ পৰা ফলাফলমুখী গেৰান্টীলৈ লৈ যোৱাৰ এটা সচেতন প্ৰয়াস। এই পৰিৱর্তনৰ বাবে সতৰ্কতা, সংশোধন আৰু শৃঙ্খলাবদ্ধ বাস্তৱায়ন আৱশ্যক। কিন্তু সংস্কাৰ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰাটোৱেই হ’ব অধিক ক্ষতিকাৰক।

শেষত, নীতি নিৰ্ধাৰকসকলৰ সন্মুখত প্ৰকৃত পছন্দ আকৰ্ষণ আৰু দক্ষতাৰ মাজত নহয়, বা অধিকাৰ আৰু সংস্কাৰৰ মাজত নহয়। পৰিৱৰ্তিত বাস্তৱতাৰ সৈতে খাপ খুৱাই লোৱা কল্যাণমূলক স্থাপত্য আৰু লিগেচি কাঠামোৰ সীমা উন্মোচন হোৱাৰ বহুদিনৰ পিছতো আঁঠু লৈ থকা স্থাপত্যৰ মাজত। VB GRAM G য়ে চিন্তাৰ বিৱৰ্তনৰ সংকেত দিয়ে। ই ৰাজহুৱা ব্যয়ক স্থায়ী গ্ৰাম্য সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিব বিচাৰে। সেই উচ্চাকাংক্ষা, ৰাজনৈতিক নষ্টালজিয়া নহয় কিন্তু ৰাষ্ট্ৰীয় বিতৰ্কৰ অন্ত কৰিব লাগে।


মূল - নীৰৱ মেহেৰা

অনুবাদ - অনুপ শৰ্মা

0 Comments

Post a Comment

Post a Comment (0)

Previous Post Next Post